মানুহৰ অদম্য আত্মা.....
কালৰ
চকৰিত
ঘূৰি,
উঠি, বাগৰি
ভাগৰত
ফোঁপাই-জোপাইও,
নিজ
বাহুৰে
জীৱনক
নিতে নতুন গতি দিলো,
নতুন
ৰং বোলাই,
গভীৰ
তমসাৰ মাজেৰে
নিতে
নতুন উষা জনমাই থাকিলো,
জীৱিত
থাকিলো, জীৱিত আছো
আৰু
জীৱিত থাকিম৷
আঘাত
খাইও
অন্ধ
বৰ্বৰতাৰ,
ক্ৰুৰতা
ভৰা পশুতাৰ,
যুদ্ধ,
আকাল, মহামাৰীৰ
আঘাতৰ
কাহিনী
আহাৰৰ পাতত৷
তথাপি,
যুগ
যুগ ধৰি নিজৰ
ইতিহাসেৰে
অৰ্জন
কৰা অদম্য আত্মাৰে,
বাগৰি,
উঠি, যুঁজি
প্ৰতি
পলে গঢ়ি গ’লো
অজন্তা,
ভেনাচ
ৰতি,
কামদেৱ৷
গঢ়ি
থাকিলো
সৃষ্টি
কৰি থাকিলো
নিতে
নতুন স্তৱন,
মৰিও,
মৃত্যুক
বগৰাই
জী
থাকিলোঁ৷
মূল: (হিন্দী) ডঃ সত্য মিত্ৰ দুবে
অনু: ডঃ মাখন লাল দাস

No comments:
Post a Comment